অসমীয়া ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়া
soft2i
অসমীয়া ৱিকিপিডিয়াৰ লোগো
ইউ আৰ এল as.wikipedia.org
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা অসমীয়া es-us
পঞ্জীকৃত সদস্য ৫০,৬২৫ (১৩ এপ্ৰিল ২০২০)
বিষয়বস্তু অনুজ্ঞাপত্ৰ Creative Commons Attribution-ShareAlike 3.0
GFDL
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা অসমীয়া ৱিকিপিডিয়া সমাজ
মুকলি ২ জুন ২০০২ (2002-06-02)
বৰ্তমান স্থিতি সক্ৰিয়

অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াঅসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৩৮৫টা প্ৰবন্ধ আছে। ২০১১ চনৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ খৰতকীয়া হয়। সক্ৰিয় সম্পাদকৰ সংখ্যা ২০১১ চনৰ প্ৰথম ভাগত ১০ জনৰ বিপৰীতে ২০১২ চনৰ ১৫ অক্টোবৰত ২২ জন আৰু ২০১৩ চনৰ মাৰ্চলৈকে পুনৰ কমি ১৫ জন হয়।

ইতিহাস

২০০২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰে। কিন্তু সেই সময়ত অসমীয়া টাইপিং সজুঁলি আৰু পদ্ধতি সহজলভ্য নাছিল। উপ-ডমেইন লাভ কৰাৰ পিছতো ইয়াৰ কাম আগবঢ়া নাছিল। তাৰ কিছুবছৰ পিছত যেতিয়া প্ৰতিটো আখৰ বা সংখ্যাক এক অদ্বিতীয় চিহ্ন প্ৰদান কৰা পদ্ধতি বা "ইউনিক’ড" জনপ্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰাহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত কাম-কাজ আৰম্ভ হয়।

২০০৬ চনত ছেপ্টেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰথম কেইগৰাকী প্ৰশাসকৰ উদ্যোগত বেটুপাতৰ লগতে আন আন মূল পৃষ্ঠাসমূহ সাজি উলিওৱা হয়। ২০০৭ চনৰ ১২ মে'ত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ১০০টা হয়। একে মাহৰে ২০ তাৰিখে এই সংখ্যাই ১৫০ অতিক্ৰম কৰে। সেইখিনি সময়তে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আন প্ৰকল্প "ৱিকিউৎস, "ৱিকিঅভিধান" আৰু "ৱিকিউদ্ধৃতি"ও অসমীয়াত মুকলি কৰা হয় যদিও দীৰ্ঘসময়ৰ নিষ্ক্ৰিয়তাৰ বাবে সেয়া পিছলৈ বন্ধ কৰা হয়।

তাৰ পিছত অৱদানকাৰীৰ অভাৱত কেইবাবছৰ ধৰি অসমীয়া ৱিকিপিডিয়াৰ কাম-কাজৰ গতি স্থবিৰ হৈ পৰে। সামাজিক যোগাযোগৰ মাধ্যম ফে'চবুকত অসমীয়া ৱিকিপিডিয়াৰ গোট এটাও মুকলি কৰা হয়। ছেগাছেৰোকাকৈ দুই-একে প্ৰবন্ধ লিখি থকাৰ ফলত ২০১০ চনৰ ফেব্ৰুৱাৰীত প্ৰবন্ধ সংখ্যা ২৫০ হয়। সেই সময়তে ভাৰতীয় ৱিকি প্ৰকল্পসমূহৰ উন্নয়নৰ বাবে খাটি থকা অনা-অসমীয়া ৱিকিপিডিয়ান এজনৰ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়া পুনৰ সক্ৰিয় হৈ পৰে। সহায় পৃষ্ঠা, দৰকাৰী সাঁচ আৰু প'ৰ্টেলসমূহৰ কাম-কাজো আৰম্ভ হয়।

২০১১ চনৰ ১০ চেপ্তেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা ৬০০টা হয় আৰু ২০১২ চনৰ ৭ জানুৱাৰীত ১০০০টা হয়। ২০১৩ চনৰ জানুৱাৰীত প্ৰবন্ধ সংখ্যাই ২১০০ অতিক্ৰম কৰে। ২০১২ চনৰ পৰিসংখ্যা অনুসৰি সম্পাদনাৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে।

২০২২ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে অসমীয়া ৱিকিপিডিয়াই ১০,০০০টা প্ৰবন্ধৰ সংখ্যা অতিক্ৰম কৰে৷

পৰিসংখ্যা আৰু সাম্প্ৰতিক অৱস্থা

কৰ্মশালা

অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে প্ৰথম অসমীয়া ৱিকিপিডিয়া কৰ্মশালা ২০১২ চনৰ ২৯ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অনুষ্ঠিত হয়। ইয়াত প্ৰায় পঁচিশজন ৱিকিপিডিয়ান আৰু আগ্ৰহী লোকৰ লগতে ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ভাৰত শাখাৰ পৰামৰ্শদাতা চিজু এলেক্স উপস্থিত থাকে। ইয়াৰ দুদিন পিছতে ১ ফেব্ৰুৱাৰীত তেজপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিভাগত প্ৰায় আশীজন লোকৰ উপস্থিতিৰে অসমীয়া ৱিকিপিডিয়াৰ দ্বিতীয়খন কৰ্মশালা অনুষ্ঠিত হয়। ২০১২ চনৰ ২৪ এপ্ৰিলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এখন ৱিকিপিডিয়া চিকিৎসাবিজ্ঞান কৰ্মশালা অনুষ্ঠিত হয়।

২০১২ চনৰ ২ জুনত অসমীয়া ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি উপলক্ষে কটন মহাবিদ্যালয়ৰ ছুডমাৰ্ছন হ’লত ১০ জুন ২০১২ তাৰিখে এখন সন্মিলনৰ আয়োজন কৰা হয়। এই বৰ্ষপূৰ্তি উপলক্ষে এখন আলোকচিত্ৰ আৰু প্ৰবন্ধ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ, ভাৰত শাখাৰ পৰামৰ্শদাতা নূপুৰ ৰাৱল সভাত উপস্থিত থাকে। উক্ত সভাত প্ৰায় ৭৫ জন ব্যক্তি উপস্থিত আছিল।

অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে ২০১৩ চনৰ ১ ডিচেম্বৰত বেংগালুৰু নগৰত এখন কৰ্মশালা অনুষ্ঠিত হৈছিল।

লিখন সঁজুলি অনুকলন

Junaid P.V.-এ সজা অসমীয়া লিখন সঁজুলি নাৰায়ম কী-ব'ৰ্ড (Narayam Keyboard) ২০১১ চনৰ ১ নৱেম্বৰত অসমীয়া ৱিকিপিডিয়াত সংলগ্ন কৰা হয়। বৰ্তমান ইয়াত লিপ্যন্তৰ, অভ্ৰ, বৰ্ণনা আৰু ইন্‌স্ক্ৰিপ্ট টাইপিঙৰ সুবিধা আছে। তদুপৰি ২০১১ চনৰ ১২ ডিচেম্বৰত "লোহিত অসমীয়া" ফ'ণ্ট অসমীয়া ৱিকিপিডিয়াৰ ডিফল্ট ৱেব ফ'ণ্ট হিচাপে সংযোগ কৰা হয়।

সততে উদিত প্ৰশ্নসমূহৰ হাতপুথি

২০১২ চনৰ জানুৱাৰীত কেইবাজনো সদস্যৰ সহযোগিতাৰে মালায়ালম ৱিকিপিডিয়াৰ অনুকৰণত প্ৰস্তুত কৰা অসমীয়া ৱিকিপিডিয়াৰ এখন FAQ হাতপুথি (সততে উদিত হোৱা প্ৰশ্নসমূহ আৰু ৱিকিপিডিয়াত অসমীয়া লিখাৰ প্ৰণালী) মুকলি কৰা হয়। অনুষ্ঠিত হোৱা কৰ্মশালা দুখনত এই পুথিখন ৰাইজৰ মাজত বিলোৱা হয়।

মেইলিং লিষ্ট

২০১১ চনৰ ২০ ডিচেম্বৰত অসমীয়া ৱিকিপিডিয়াৰ মেইলিং লিষ্ট সেৱা আৰম্ভ কৰা হয়।

শিক্ষা প্ৰকল্প

২০১২ চনৰ ১৪ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীক লৈ অসমীয়া ৱিকিপিডিয়াৰ শিক্ষা প্ৰকল্পৰ সূচনা কৰা হয়। ইয়াত অংশগ্ৰহণকাৰীসকলক অসমীয়া ইউনিক'ড টাইপিং আৰু অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ প্ৰশিক্ষণ দিয়া হয়।

তথ্য সংগ্ৰহ

  1. অসমীয়া ৱিকিপিডিয়াৰ পৰিসংখ্যা
  2. ই-বিশ্ব: অসমীয়া ৱিকিপিডিয়া; হিমজ্যোতি তালুকদাৰ, "সাতসৰী", এপ্ৰিল ২০১২
  3. "Wikipedia Interactive Statistics, Article count". Martin Kozak. http://www.wikistatistics.nethttps://wiki95.com/as/as/articles/full। আহৰণ কৰা হৈছে: October 15, 2012. 
  4. "Analytics/Metric definitions". Wikimedia foundation. http://www.mediawiki.orghttps://wiki95.com/as/Analytics/Metric_definitions। আহৰণ কৰা হৈছে: March 30, 2013. 
  5. India Program/Pilot Designs/Basic Community Building, আহৰণ: ৭ জুন ২০১২
  6. অসমীয়া ৱিকিপিডিয়া সম্পৰ্কত সজাগতা সভা, বিষ্ণু শইকীয়া, "নীলা চৰাই" Archived 2015-10-19 at the Wayback Machine, ফেব্ৰুৱাৰী ২০১২, আহৰণ: ৭ জুন ২০১২
  7. "outlookindia.com". Archived from the original on 2013-05-29. https://web.archive.org/web/20130529165908/http://news.outlookindia.com/items.aspx?artid=765639। আহৰণ কৰা হৈছে: 2012-06-20. 
  8. northeasttoday
  9. telegraphindia.com
  10. zeenews.india.com
  11. "Assamese Wikipedia Education Program at GU". Assam Times. https://www.assamtimes.org/node/7471। আহৰণ কৰা হৈছে: October 15, 2012. 

বাহ্যিক সংযোগ